Tuesday, November 4, 2025

মানৱতাৰ দিন উদযাপন ২০২৫

 মানৱতাৰ দিন উদযাপন 


অসমীয়া আৰু সমাজতত্ত্ব বিভাগৰ উদ্যোগত লগতে আভ্যন্তৰিণ মান নিৰ্ণায়ক কোষ আৰু আৰ্ট ফৰামৰ সহযোগত মহাবিদ্যালয়ত বিশিষ্ট সংগীতজ্ঞ, কবি, চিন্তাবিদ আৰু মানবতাবাদী ড° ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে “মানৱতাৰ দিন” উদযাপন কৰা হয়। এই দিনটো প্ৰতিবছৰে ৫ নবেম্বৰত পালন কৰা হয়। অনুষ্ঠানটোত ড° হাজৰিকাৰ জীৱন, কীৰ্তি আৰু তেওঁ ৰচিত গীতসমূহৰ মাজত নিহিত মানবতাবাদী মূল্যবোধক স্মৰণ কৰা হয়।


প্ৰাৰ্থনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোত তেওঁৰ প্ৰতিচ্ছবিত  প্ৰদীপ প্রজ্বলনৰ দ্বাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দূৰ্গা প্ৰসাদ গগৈয়ে।  অধ্যক্ষ ড° দূৰ্গা প্ৰসাদ গগৈদেৱে উদ্বোধনী ভাষণত ড° হাজৰিকাৰ সমাজচেতনা, লোকসংগীতৰ ৰূপান্তৰ আৰু অসমীয়াৰ আত্মপৰিচয় গঠনত তেওঁৰ অৱদানৰ বিষয়ে আলোচনা কৰে। “মানৱতাৰ গায়ক” হিচাপে পৰিচিত ড° হাজৰিকাই সংগীতৰ জৰিয়তে মানৱতাৰ, শান্তিৰ আৰু ভ্ৰাতৃত্বৰ বার্তা প্ৰসাৰ কৰিছে এই বাৰ্তা  বিশেষভাৱে উল্লেখ কৰে।


        অনুষ্ঠানত পদাৰ্থ বিজ্ঞানৰ ৫ম সান্মাষিকৰ ছাত্ৰ তথা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক অম্লানদ্বীপ বৰগোঁ‌হাই আৰু উচ্চতৰ মাধ্যমিক ১ম বৰ্ষৰ ছাত্ৰী তানিশা শইকীয়াই  ড° হাজৰিকাৰ গীত পৰিবেশন কৰে, তেওঁৰ চিন্তাধাৰা আধাৰিত বক্তৃতা আৰু প্ৰবন্ধ ৰুবীনা বেগম আৰু আৰিফা বেগমে পাঠ কৰে। সভাত উপস্থিত সকলো শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে তেওঁ ৰচিত “মানুহে মানুহৰ বাবে” গীতটো সমবেতভাবে পৰিবেশন কৰে।  এই আয়োজনৰ জৰিয়তে ড° হাজৰিকাৰ ভাবধাৰা আৰু মানৱতাৰ আদৰ্শ পুনৰ স্মৰণ কৰি নতুন প্ৰজন্মৰ মাজত এক ইতিবাচক চেতনা সৃষ্টি হয়।


অনুষ্ঠানটোত সকলোৰে সক্ৰিয় অংশগ্ৰহণে এক সাংস্কৃতিক আৰু চিন্তামূলক পৰিৱেশ সৃষ্ট কৰে। মানৱতাৰ দিন উদযাপনে ড° ভূপেন হাজৰিকাৰ অসমীয়াৰ লগতে বিশ্বমানৱতাৰ ক্ষেত্ৰত অবিস্মৰণীয় অৱদানক পুনৰ প্ৰতিধ্বনিত কৰে।








২দিনীয়া বিহু নৃত্য আৰু বাদ্য বজোৱা প্ৰশিক্ষণ কৰ্মশালা


 অসমীয়া বিভাগৰ দ্বাৰা বিহু নৃত্য আৰু বাদ্য বজোৱা প্ৰশিক্ষণ কৰ্মশালা


           অসমীয়া বিভাগে উচ্চতৰ মাধ্যমিকৰ ১ম আৰু ২য় বৰ্ষৰ "বিহু" কাকতৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ বাবে ২ দিনীয়াকৈ নৃত্য আৰু বাদ্য বজোৱাৰ ওপৰত এক বিশেষ প্ৰশিক্ষণ কৰ্মশালা আয়োজন কৰে। এই কৰ্মশালাটো অসমৰ ঐতিহ্যবাহী শিল্পসংস্কৃতিৰ সৈতে শিক্ষাৰ্থীসকলক গভীৰভাৱে পৰিচিত কৰোৱা আৰু চূড়ান্ত পৰীক্ষাৰ বাবে সাজু কৰাৰ  উদ্দেশ্যে অনুষ্ঠিত কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে স্থানীয় সংস্কৃতিৰ সংৰক্ষণৰ ওপৰতো গুৰুত্ব দিয়া হয়।


       প্ৰশিক্ষণ কৰ্মশালাখন দুদিনীয়া আছিল আৰু ইয়াত মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ১ম আৰু ২য় বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলে উৎসাহভাৱে অংশগ্ৰহণ কৰে। কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত আছিল স্থানীয় খ্যাতনামা বিহু শিল্পী প্ৰিন্স বৰদলৈ আৰু জিনীয়া সোনোৱালে। উল্লেখযোগ্য যে প্ৰিন্স বৰদলৈ মহাবিদ্যালয়ৰ ১ম সান্মাষিকৰ ছাত্ৰ আৰু জিনীয়া সোনোৱাল মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী। তেওঁলোকে ঢোল, পেঁ‌পা, গগনা, তাল  আদি বাদ্যযন্ত্ৰৰ সুৰত বিহু নৃত্যৰ ভংগিমা, সংগীত আৰু পৰিবেশনৰ গুৰুত্ব বিষয়ে বিস্তাৰিত ব্যাখ্যা কৰে।


        প্ৰশিক্ষণৰ সময়ছোৱাত শিক্ষাৰ্থীসকলে নিজে বিহু নৃত্যৰ মূল ধাপসমূহ অনুশীলন কৰে আৰু বাদ্যযন্ত্ৰ বজোৱাৰ মৌলিক কৌশল শিকে। এই প্ৰশিক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজত অসমীয়াৰ লোকসংস্কৃতিৰ প্ৰতি আগ্ৰহ, শ্রদ্ধা আৰু গৌৰৱৰ অনুভৱ বৃদ্ধি পায়। লগতে এই ধৰণৰ কৰ্মশালাই সাংস্কৃতিক ঐক্য আৰু মিলনৰ এক সেঁ‌তু হিচাপে কাম কৰে।


       সকলোৰে সক্ৰিয় অংশগ্ৰহণৰ ফলত অনুষ্ঠানটো সফলভাৱে সম্পন্ন হয়। এই ধৰণৰ উদ্যোগে অসমীয়া বিভাগৰ সাংস্কৃতিক সচেতনতা বৃদ্ধি আৰু সমাজত অসমীয়া সংস্কৃতিৰ সংৰক্ষণৰ দিশে এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে প্ৰতিফলিত হ'ব।


Departmental activity

Departmental Seminar 2026 Dated 02/05/26 International Mother Language day 21/02/26 H.S 2nd yr Bihu practical examination 2026 Dated: 06/02/...