Tuesday, October 14, 2025

ভাষা ছহিদ প্ৰমোদ বড়াৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

 অসমীয়া মাধ্যম ছহিদ প্ৰমোদ বড়াৰ স্মৃতিচাৰণ অনুষ্ঠান

‘অসমীয়া ভাষা ছহিদ স্মৃতিৰক্ষা সমিতি, অসম’ৰ নামৰূপ মহাবিদ্যালয় শাখাৰ উদ্যোগত আৰু নামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত নামৰূপ মহাবিদ্যালয়ত ১৪ অক্টোবৰ, ২০২৫ তাৰিখে দিনৰ ১১.৩০ বজাৰপৰা মাধ্যম ছহিদ প্ৰমোদ বড়ালৈ শ্ৰদ্ধাঞ্জলী জনাই স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত সভাপতিত্ব কৰে নামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড. দূৰ্গা প্ৰসাদ গগৈয়ে ৷ অসমীয়া ভাষা ছহিদ স্মৃতিৰক্ষা সমিতিৰ নামৰূপ মহাবিদ্যালয় শাখাৰ সম্পাদক নামৰূপৰ সাংস্কৃতিক কৰ্মী শ্ৰী ব্ৰজানন্দ ভূঞাই আঁত ধৰা অনুষ্ঠানটোত মাধ্যম ছহিদ প্ৰমোদ বড়াৰ ভাতৃ শ্ৰীযুত লীলা বড়াৰ লগতে তেওঁলোকৰ পৰিয়ালৰ অন্যান্য সদস্যসকল উপস্থিত থাকে ৷ আৰম্ভণিতে ছহিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি তেখেতৰ প্ৰতিচ্ছবিৰ সম্মুখত বন্তি প্ৰজ্জ্বলন কৰা হয় ৷ ভাতৃ লীলা বড়াই প্ৰথমতে বন্তি প্ৰজ্জ্বলন কৰা শ্ৰদ্ধাঞ্জলী কাৰ্যসূচীত অধ্যক্ষ ড. দূৰ্গা প্ৰসাদ গগৈ, অসমীয়া ভাষা ছহিদ স্মৃতিৰক্ষা সমিতি নামৰূপ মাবিদ্যালয় শাখাৰ সভাপতি ড. ছবি গগৈ, ছহিদ পৰিয়ালৰ সদসয়সকল, শিক্ষকসকল আৰু ছাত্ৰ একতা সভাৰ বি্য়ববীয়াসকলে শ্ৰদ্ধাঞ্জলী জনায় ৷ মহাবিদ্যালয়ৰ ছাত্ৰী ৰশ্মি বৰাই প্ৰমোদ বড়াৰ লগতে ভাষা ছহিদসকলৰ ত্যাগ আৰু বলিদানৰ বিষয়ে আলোকপাত কৰি ভাষণ আগবঢ়ায় ৷ ড. দূৰ্গা প্ৰসাদ গগৈ, লীলা বড়া, ব্ৰজানন্দ ভূঞা, ড. ছবি গগৈ, ৰেৱত বড়া আদিয়ে বক্তব্য আগবঢ়াই অসমীয়া ভাষাৰ মৌখিক আৰু লিখিত ব্যৱহাৰত শুদ্ধতাৰ ওপৰত গুৰুত্ব দি অসমীয়া ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনত সৈনিকৰ ভূমিকা ল’বলৈ আহ্বান জনায় ৷ অনুষ্ঠানৰ লগত সংতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত ‘ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ ব্যৱহাৰ’ শীৰ্ষক প্ৰবন্ধ প্ৰতিযোগিতা পতা হৈছিল আৰু পু্ৰস্কৃত সকলক উক্ত অনুষ্ঠানতে বঁটা বিতৰণ কৰা হয় ৷ শ্ৰীমতী দিনা দাসে প্ৰথম, পল্লৱী ফুকনে দ্বিতীয় আৰু ৰূপজ্যোতি গগৈয়ে তৃতীয় স্থান লাভ কৰে ৷

সভাৰ কিছু স্থিৰ চিত্ৰ







No comments:

Post a Comment

Departmental activity

Departmental Seminar 2026 Dated 02/05/26 International Mother Language day 21/02/26 H.S 2nd yr Bihu practical examination 2026 Dated: 06/02/...